ৰাজ্যত শীঘ্ৰেই বতৰ পৰিবৰ্তনৰ সম্ভাৱনা দেখা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখন জিলাত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে। বিশেষকৈ ৪খন জিলাত Yellow Alert জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে।

দীৰ্ঘদিন ধৰি শুকান আৰু উষ্ণ বতৰৰ বাবে ৰাজ্যবাসীয়ে এজাক বৰষুণৰ অপেক্ষা কৰি আছিল। তাপমাত্ৰা প্ৰায় ৩০° চেলচিয়াছৰ ওচৰচাপি থাকিলেও আকাশত মেঘৰ সমাবেশ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিছুমান ঠাইত বজ্ৰসহ বতাহ আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই নাগৰিকসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বজ্ৰপাতৰ সময়ত খোলা ঠাইত নাথাকিবলৈ, গছ-গছনি বা বিদ্যুৎ খুঁটিৰ ওচৰত আশ্ৰয় নল’বলৈ পৰামৰ্শ দিয়া হৈছে। কৃষকসকলকো খেতি-বাতিৰ কামত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে।

বৰষুণে উষ্ণতাৰ পৰা কিছু পৰিমাণে সকাহ দিয়াৰ সম্ভাৱনা থাকিলেও, স্থানীয় স্তৰত আকস্মিক জলাবদ্ধতাৰ সমস্যাও সৃষ্টি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। সেয়ে নাগৰিকসকলে পৰৱৰ্তী বতৰ আপডেট লক্ষ্য কৰি চলিবলৈ অনুৰোধ জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *