ডিজিটেল ডেস্কঃ অসমত কেতিয়া অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন? অসম বিধানসভাৰ নির্বাচনক লৈ আহিছে এক ডাঙৰ আপডেট। ৭ ফেব্ৰুৱাৰীত অসমলৈ আহিব পূর্ণাংগ নির্বাচন আয়োগ। দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব পূর্ণাংগ নির্বাচন আয়োগ। ৭ আৰু ৮ ফেব্ৰুৱাৰীত অসমতে থাকিব পূর্ণাংগ নির্বাচন আয়োগ।

অসম ভ্রমণসূচীত শাসক-বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব নির্বাচন আয়োগ। অসম চৰকাৰৰ সৈতেও আলোচনা কৰিব পূর্ণাংগ নির্বাচন আয়োগে। অসম ভ্রমণ সামৰি দিল্লীলৈ গৈয়ে নির্বাচন আয়োগে ঘোষণা কৰিব নির্বাচনী সূচী। খবৰ অনুসৰি সময়তকৈ ১০ দিন আগুৱাব অসম বিধানসভাৰ নিৰ্বাচন। ২০২১ৰ নিৰ্বাচনতকৈ ৮-১০ দিন পূর্বে ঘোষণা হ’ব নির্বাচনী সূচী।

জানিব পৰা অনুসৰি এইবাৰে এটা নহ’লে দুটা পর্যায়তে অসমত নির্বাচন অনুষ্ঠিত কৰাবলৈ আগ্ৰহী নির্বাচন আয়োগ। প্রয়োজন সাপেক্ষে এটা পর্যায়তে নির্বাচন পাতিবলৈও আগ্রহী নির্বাচন আয়োগ। ২০২১ বর্ষত ৩টা পর্যায়ত অসমত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন।

২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ হৈছিল ২৭ মার্চ, দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণ হৈছিল পহিলা এপ্রিল আৰু অন্তিম তথা তৃতীয় পৰ্যায়ৰ ভোট গ্রহণ অনুষ্ঠিত হৈছিল ৬ এপ্রিলত। উল্লেখ্য যে পূৰ্বৰ দৰে অসমত নাই উগ্ৰপন্থী বা আন্দোলনৰ পৰিৱেশ। অশান্তময় পৰিৱেশৰ পৰিবৰ্তে অসমত এতিয়া বিৰাজ কৰিছে শান্তিপূৰ্ণ পৰিৱেশ । শান্তিপূর্ণ অসমত নির্বাচন পাতিবলৈ মুঠেই চিন্তিত নহয় নির্বাচন আয়োগ।

Leave a Reply

Your email address will not be published. Required fields are marked *