নতুন দিল্লীঃ ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নৰ মাজত এক বৃহৎ আৰু গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি সম্পন্ন হৈছে। এই চুক্তিৰ জৰিয়তে ইউৰোপৰ পৰা আমদানি হ’বলগীয়া প্ৰায় ৯৭ শতাংশ সামগ্ৰীত কৰ ৰেহাই দিয়া হৈছে বুলি জানিব পৰা গৈছে।

চুক্তিৰ অন্যতম উল্লেখযোগ্য দিশ হিচাপে ইউৰোপীয় ৱাইনত আৰোপিত কৰ ১৫০ শতাংশৰ পৰা হ্ৰাস কৰি মাত্ৰ ২০ শতাংশ হৈ পৰিব। ইয়াৰ ফলত দুয়োপক্ষৰ মাজত বাণিজ্যিক আদান–প্ৰদান অধিক সহজ আৰু বিস্তৃত হ’ব বুলি আশা কৰা হৈছে।

এই চুক্তিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মাদাৰ অফ অল ডিলছ’ আখ্যা দি এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰিছে। তেওঁৰ মতে, এই বাণিজ্য চুক্তিয়ে ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰাৰ লগতে ইউৰোপীয়ান ইউনিয়নৰ সৈতে সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *