ডিজিটেল ডেস্কঃ ৰাজ্যত ওচৰ চাপি আহিছে বিধানসভা নিৰ্বাচনৰ দিন। নিৰ্বাচনলৈ সময় কমি অহাৰ লগে লগে ৰাজ্যজুৰি বৃদ্ধি পাইছে ৰাজনৈতিক তৎপৰতা। ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। কাৰ হ’ব জয়, কোনে লাভ কৰিব জনতাৰ সমৰ্থন—এই সকলো প্ৰশ্নই এতিয়া ৰাইজৰ মনত স্থান লৈছে।

আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল সাজু হৈ উঠিছে। কামৰূপ মহানগৰ জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হিচাপে পৰিগণিত ৩৭ নং জালুকবাৰী সমষ্টিতো দেখা গৈছে নিৰ্বাচনী উত্তাপ। এই সমষ্টিটো বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰি আহিছে। ২০০১ চনৰ পৰা প্ৰায় ২৫ বছৰে তেওঁ জালুকবাৰী সমষ্টিৰ সৈতে জড়িত হৈ আছে আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনতো তেওঁ পুনৰ জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

পুনৰ সমষ্টি নিৰ্ধাৰণৰ পাছত আগন্তুক নিৰ্বাচনৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছে। বৰ্তমান জালুকবাৰী সমষ্টিত প্ৰায় ২ লাখ ১০ হাজাৰৰো অধিক ভোটাৰ আছে। নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে সমষ্টিটোত ৰাজনৈতিক তৎপৰতা দিনে দিনে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ সমৰ্থনত একাধিক প্ৰাৰ্থীয়ে আগবাঢ়ি অহাৰ লগতে বিভিন্ন ৰাজনৈতিক দলেও টিকট লাভৰ বাবে আবেদন জনাইছে।

এই পৰিস্থিতিত এতিয়া মূল প্ৰশ্ন হৈছে—২০২৬ চনৰ বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ বিধায়ক হিচাপে পুনৰ ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ স্বীকৃতি লাভ কৰিব নে নাই? নে নতুন কোনো মুখে সমষ্টিটোৰ নেতৃত্ব ল’ব? এই সকলো উত্তৰ অচিৰেই স্পষ্ট হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *