অসম চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰি আছে। উল্লেখ‍্য অনুসৰি যোগাযোগ ব‍্যৱস্থা অধিক শক্তিশালী কৰি তুলিবলৈ এই প্ৰকল্প হাতত লৈছে। নিৰ্মাণ চলি থকা এই দলং খন ২০২৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত মুকলি কৰা হ’ব। গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু ধুবুৰী-ফুলবাৰীৰ দলংসহ মুঠ চাৰিখন নতুন দলংৰ নিৰ্মাণৰ কামসমূহ ক্ষিপ্ৰতৰ গতিত চলি আছে।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ অনুসৰি গহপুৰৰ পৰা নুমুলীগড়লৈ পানীৰ তলেদি নিৰ্মাণ হ’ব লগীয়া দ্বৈত টানেল প্ৰকল্পটোত ৰে’ল পথো অৰ্ন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰকল্পটোৰ পৰিকল্পনা অনুসৰি মুঠ ব‍্যয় ২০ হাজাৰ কৌটি টকালৈ বৃদ্ধি কৰা হৈছে ।

এই বৃহৎ প্ৰকল্পসমূহ সম্পূৰ্ণ হ’লে অসম তথা উত্তৰ-পূৱৰ অৰ্থনৈতিক বিকাশ আৰু বাণিজ‍্যিক ক্ষেত্ৰত এক নতুন দিশৰ আৰম্ভণি হ’ব বুলি চৰকাৰে জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *