৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিবেশনলৈ মাজত মাথো কেইটামান দিন বাকী।
জামুগুৰিহাটৰ জ্যেতি, বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা এই অধিৱশনৰ আদৰণী সমিতিৰ লগতে শাখা সমিতি এতিয়া কাম-কাজত ব্যস্ত হৈ পৰিছে। কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰায় পোন্ধৰ হাজাৰ সেৱক-সেৱীকা থাকিব পৰাকৈ আশ্ৰয় শিবিৰ নিৰ্মাণৰ কাম তীব্ৰতৰ ভাৱে চলিছে।
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৯৫ সংখ্যক এই ৰাজ্যিক অধিৱেশনত ৮ ফ্ৰেব্ৰুৱাৰীৰ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব লগা পতাকা উত্তোলন কাৰ্যসূচীত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। আনহাতে কন্ঠশিল্পী জুবিন গাৰ্গৰ স্মৃতিত মায়াবিনী নামেৰে এখন সেঁতু নিৰ্মাণ কৰা হৈছে। এই সেঁতুখনৰ ওপৰেদি উদ্যোগক্তা সকলে আশ্ৰয় শিৱিৰৰ পৰা সেৱক-সেৱিকা সকলে ভোজনালয়লৈ যাব পাৰিব বুলি প্ৰকাশ কৰিছে ।
এই অধিবেশনৰ পতাকা উত্তোলন কাৰ্যসূচীত তেজপুৰ জিলা সাংস্কৃতিক শাখাৰ উদ্যোগত ৯৫ গৰাকী গায়ন বায়ন শিল্পীয়ে পৰিবেশন কৰিব গুৰুঘাত ৷ এই প্ৰশিক্ষণ প্ৰদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলাৰ সাংস্কৃতিক সম্পাদক মৃনাল কৃষ্ণ হাজৰিকাই। আনহাতে সহযোগী হিচাপে তেজপুৰ জিলাৰ সাংস্কৃতিক বিভাগৰ সভাপতি বংশী ভূঞাও উপস্থিত থাকে।
